মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

নিৰীক্ষণ আৰু নিৰ্দেশনা

  • অতিৰিক্ত মূখ্য সচিবে ২৪/১২/২০১৫ তাৰিখে কামৰূপ ২/২০০৯-১০ (মালৈবাৰী) আই.ডব্লিও.এম.পি.ত চলোৱা ক্ষেত্ৰীয় পৰিক্ৰমাৰ সময়ত প্ৰদান কৰা নিৰীক্ষণ আৰু নিৰ্দেশনা।

    ক্ষেত্ৰীয় পৰিক্ৰমাৰ দলীয় সদস্যসকল-

    ১) শ্ৰীযুত ৰাজীৱ বৰা, ভা.অ.সে, অতিৰিক্ত মূখ্য সচিব, অসম চৰকাৰ, ভূমি সংৰক্ষণ বিভাগ, অসম আৰু অধ্যক্ষ, এছ.এল.এন.এ., আই.ডব্লিও.এম.পি., অসম।

    ২) শ্ৰীযুত এছ. চৌধুৰী, সঞ্চালক, ভূমি সংৰক্ষণ বিভাগ, অসম আৰু মূখ্য কাৰ্য্যবাহী বিষয়া, এছ.এল.এন.এ., আই.ডব্লিও.এম.পি., অসম।

    ৩) শ্ৰীযুত এছ.চি. পাত্ৰ, জেষ্ঠ পৰামৰ্শ দাতা, এছ.এল.এন.এ., আই.ডব্লিও.এম.পি. অসম।

    ৪)শ্ৰীযুত পি. দত্ত, প্ৰকল্প প্ৰৱন্ধক, ডব্লিও.চি.ডি.চি., আই.ডব্লিও.এম.পি., কামৰূপ (এম) ওডি.এছ.চি.ও., দক্ষিণপাৰ ভূমি সংৰক্ষণ মণ্ডল, গুৱাহাটী-০৫।

    ৫) শ্ৰীযুত এন.জেদ. আহমেদ, ডব্লিও.ডি.টি. নেতা, কামৰূপ -২/২০০৯-১০ (মালৈবাৰী) আই.ডব্লিও.এম.পি., আঞ্চলিক বিষয়া, সোণাপুৰ, এছ.চি. অঞ্চল।

    ৬) শ্ৰীযুত জি. কলিতা, ডব্লিও.ডি.টি. নেতা, কামৰূপ -১/২০০৯-১০ (আমসিং) আই.ডব্লিও.এম.পি. আৰু এছ.চি.ও., যুটিয়া সঞ্চালক (আৰ.ভি.পি.)ৰ কাৰ্য্যালয়, গুৱাহাটী-০৫।

    ক্ষেত্ৰীয় পৰিক্ৰমাৰ সময়ছোৱাত, অতিৰিক্ত মূখ্য সচিবও এছ.এল.এন.এ.ৰ অধ্যক্ষই তেওঁৰ বাকী দলীয় সদস্যসকলৰ সৈতে এক নৰ্দমা প্ৰণালী সংযুক্ত পকীকৃত জলসঞ্চয় সংৰচনা পৰিভ্ৰমণ কৰি মালৈবাৰী আই.ডব্লিও.এম.পি.ৰ অধীনষ্ঠ এম.ডব্লিও.এছ.ৰ সভাপতি আৰু সম্পাদকৰ লগতে আন আন হিতাধীকাৰীসকলক সাক্ষাত কৰে। তেওঁলোকক সাক্ষাত্ কৰাৰ পাছতে অতিৰিক্ত মূখ্য সচিবে অৱবাহিকা অঞ্চলৰ উন্নয়নৰ বাবে নিম্নলিখিত পৰামৰ্শসমূহ আগবঢ়াই,

    ১) হেলাগগ গাৱত পূৰ্বৰে পৰা থকা পকী জলসঞ্চয় সংৰচনাৰ কাষতে গাওঁখনৰ জানটোৰ ওপৰত আন এখন পথাচাৰী দলং নিৰ্মান কৰা।

    ২) গোলাপ গাৱৰ শালনা ডঙৰ সমান্তৰালকৈ পুলটোৰ কাষত ইটাৰশাৰী/পাথৰৰ দেৱাল নিৰ্মান কৰা।

    ৩) পলশ হ্ৰাসকৰণ পদ্ধতিৰ জৰিয়তে পৰ্য্যায় ক্ৰমে জালিখাৰা বিল অঞ্চলৰ উন্নয়ন সাধন।

    ৪) টেঘেৰিয়াত বহুমূখী ক্ৰিয়া-কলাপ যেনে প্ৰশিক্ষণ, বৈঠক, বনভোজ আদিৰ বাবে পূঞ্জ সম্পদকেন্দ্ৰ নিৰ্মাণ কৰা।

    ৫)  এন.আৰ.এম. কাৰ্য্যৰ বাবে নিতৌ লাভজনক অঞ্চল, হিতাধিকাৰীৰ সংখ্যা আৰু খৰচ-লাভ অনুপাতৰ মূল্যাংকণ কৰা।

    ৬) এম.ডব্লিও.এছ. কমিটিৰ নগদ বহীৰ প্ৰতিটো পাতত অৱবাহিকা উন্নয়নদল (ডব্লিও.ডি.টি.) প্ৰমূখ আৰু এম.ডব্লিও.এছ. সচিবৰ হস্তাক্ষৰ অনিবাৰ্য্য।

    ৭) নগদ বহীত আদান-প্ৰদানৰ সম্পূৰ্ণ খতিয়ান শুদ্ধকৈ দাঙি ধৰিব লাগিব।

    ৮) এম.ডব্লিও.এছ পৰ্যায়ৰ সকলো খতিয়ান নথি এম.ডব্লিও.এছৰ কাৰ্য্যালয় আৰু অৱবাহীক উন্নয়ন দল প্ৰমূখৰ ওচৰত নিয়াৰিকৈ ৰাখিব লাগিব।

    ৯) পি.আই.এ. (প্ৰকল্পৰূপায়নঅভিকৰণ)এ নিয়ামীয়াকৈ ব্যৱহাৰিক প্ৰমাণ পত্ৰ জমা দিব লাগিব।

    ১০) সভাপতি আৰু সম্পাদকৰ মোহৰ বেলেগ বেলেগ হোৱাটো বাঞ্চনীয়।

    ১১) এম.ডব্লিও.এছৰ খাতাবহী প্ৰতিমাহে উন্নীত (আপডেট) কৰিব লাগিব।

    ১২) ভূমি সংৰক্ষণ বিভাগ, অসমৰ মাননীয় মন্ত্ৰীৰ সৈতে শেষ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই জীৱিকা কাৰ্য্য-ক্ৰম আৰু উত্পাদন ব্যৱস্থা সম্বন্ধীয় বাকি থকা সকলো কৰণীয় শীঘ্ৰেই সম্পূৰ্ণ কৰাটো বাঞ্চনীয়, কিন্তু কোনো নতুন জীৱিকা কাৰ্য্য-ক্ৰম আৰু উত্পাদন ব্যৱস্থা এম.ডব্লিও.এছ.ত লোৱা নহব।

    ১৩) প্ৰকল্পৰ প্ৰতিটো আঁচনিৰ বিপৰীতে পূৰ্ণ কাৰ্য্য-পৰিকল্পনা তৈয়াৰ কৰাটো বাঞ্চনীয়।

    ১৪) এম.ডব্লিও.এছক অৱবাহিকা উন্নয়ন কাৰ্য্যৰ নামত প্ৰকল্প পুঁজি স্থানান্তৰ কৰিবলৈ অধ্যক্ষই প্ৰকল্প প্ৰৱন্ধকক নিৰ্দ্দেশ দিছে যাতে ২০১৫ বৰ্ষৰ ১৫ জানুৱাৰীৰ ভিতৰত সকলো কাম সমাপ্ত কৰিব পাৰি। কিন্তু কামৰুপ -২/২০০৯-১০ (মালৈবাৰী) আই.ডব্লিও.এম.পি.ৰ ক্ষেত্ৰত যিহেতু আঞ্চলিক বিষয়াও অৱবাহিকা ডব্লিও.ডি.টি. প্ৰমূখ পদোন্নতি লাভৰ পথত, জৰুৰীকালীন ভাৱে এন.আৰ.এম.ৰ কাৰ্য্যসমূহ সম্পুৰ্ণ কৰিবলৈ মালৈবাৰী আই.ডব্লিও.এম.পি.ৰ ডব্লিও.ডি.টি. প্ৰমুখক মণ্ডলৰ আন এগৰাকী দায়িত্বশীল ব্যক্তিৰ সৈতে সলনি কৰাটো উচিত।

    ১৫) অধ্যক্ষই তেওঁৰ অৱবাহিকা অঞ্চল ভ্ৰমণৰ সময়ছোৱাত সভাত উপস্থিত থকা সকলো সভাপতি, সম্পাদক আৰু এম.ডব্লিও.এছৰ সদস্যক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়।