মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

গ্ৰামীণ আন্তঃগাঁঠনি উন্নয়ন পুঁজি

  • কাৰ্য্যাৱলীসমূহঃ

    শস্য ভূমিত বহনক্ষম ভিত্তত ভূমি আৰু জল ব্যৱস্থাপনাৰ বিভিন্ন কাৰ্য্যাৱলী ৰূপায়নৰ জৰিয়তে তিনিটা মূল পৰস্পৰ-নিৰ্ভৰশীল প্ৰাকৃতিক সম্পদ যেনে ভূমি, জল আৰু বণাঞ্চলৰ অতি ফলপ্ৰসু আৰু লাভদায়ক পৰিচালনত ভূমি সংৰক্ষণ বিভাগ জড়িত। ভূমি আৰু জল সংৰক্ষণৰ বিভিন্ন আঁচনি ৰূপায়ন কৰি গ্ৰাম্যাঞ্চলৰ লোকসকলক বাবে উপাৰ্জনৰ উপায় কৰাৰ বাবেও ভূমি সংৰক্ষণ বিভাগ দায়বদ্ধ। ভূমি সংৰক্ষণ বিভাগে উদ্যান কৃষি বা আন আন শীঘ্ৰে লাভদায়ক শস্যৰ খেতি কৰাৰ বিকল্প প্ৰদানেৰে ৰাজ্যখনৰ পাহাৰুৱা অঞ্চলসমূহত স্থানান্তৰিত কৃষি নিয়ন্ত্ৰনৰ বিভিন্ন আঁচনিও ৰূপায়ন কৰিছে।

     

    ভূমি সংৰক্ষণ বিভাগৰ অধনষ্ঠ নিগম/পৰিষদসমূহঃ

    অসম শস্য ৰোপন উন্নয়ন নিগম পৰিসীমিত (এ.পি.চি.ডি.চি. লিমিটেড) প্ৰতিষ্ঠা হৈছিল অসম ভূমি সংৰক্ষণ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰনৰ অধীনত ১৯৪৭ চনত। অসম শস্য ৰোপন উন্নয়ন নিগম পৰিসীমিতৰ প্ৰধান লক্ষ্য আছিল কৃষি উত্পাদনৰ বাবে অনুপযোগী পাহাৰৰ এঢলীয়া ক্ষেত্ৰসমূহৰ যথোচিত ব্যৱহাৰৰ বাবে এইবোৰত শীঘ্ৰেই লাভ প্ৰদানকাৰী বহনক্ষম শস্য যেনে কফি, ৰবৰ আদিবোৰ ৰোপন কৰা আৰু এই ৰোপন কাৰ্যত গ্ৰাম্যাঞ্চলৰ লোকসকলক জড়িত কৰি তেওঁলোকক আয়ৰ উত্স প্ৰদান কৰা।