মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

অৱবাহিকা উন্নয়ন উপাদান- প্ৰধান মন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনি

  • প্ৰধান মন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনি (অৱবাহিকা উন্নয়ন উপাদান) হৈছে ভূমি সম্পদ বিভাগৰ পূৰ্বৰ খৰাং প্ৰবণ অঞ্চল উপযোগী কাৰ্য্যক্ৰমণিকা (ডি.পি.এ.পি.), মৰুভূমি উন্নয়ন কাৰ্য্যক্ৰমণিকা (ডি.ডি.পি.), আৰু ঐক্যবদ্ধ অৱবাহিকা উন্নয়ন কাৰ্য্যক্ৰমণিকা (আই.ডব্লিও.ডি.পি.) আদিসমূহৰ বাবে এক উন্নীত কাৰ্য্যক্ৰমণিকা। এই একীকৃত কাৰ্য্যক্ৰমণিকা হৈছে সম্পদৰ পূৰ্ণ ব্যৱহাৰ, বহনক্ষম পৰিণাম আৰু ঐক্যবদ্ধ পৰিকল্পনাৰ বাবে। এই আচনি মূকলি কৰা হৈছিল ২০০৯/১০ বৰ্ষত। এই কাৰ্য্যক্ৰম অববাহিকা উন্নয়ন প্ৰকল্প ২০০৮ৰ উমৈহতীয়া নিৰ্দেশনা অনুসৰী ৰূপায়ন কৰি থকা হৈছে। ডব্লিউ.ডি.চি.-পি.এম.কে.এছ.ওৱাইৰ মূল লক্ষ্য হৈছে পানী, ভূমি আৰু গছ-গছনিৰ আৱৰণৰ দৰে বিনষ্ট হৈ যোৱা প্ৰকৃতিক সম্পদ সমূহৰ সক্ৰীয়কৰণ, সংৰক্ষণ আৰু উন্নয়নৰ জৰিয়তে পাৰিপাৰ্শ্চিক ভাৰসাম্যতা বজাই ৰখা। ইয়াৰ পৰিণাম হৈছে ভূমি খহনীয়া প্ৰতিৰোধ, প্ৰকৃতিক সেউজীয়া আৱৰণৰ পুনৰ সৃষ্টি, বৰষুণৰ পানী সঞ্চয় আৰু ভূ-গৰ্ভৰ জলস্তৰ বৃদ্ধি। ইয়াৰ দ্বাৰা ভিন্ন-শস্যৰ খেতি কৰাৰ পথ সুচল হৈ পৰাৰ লগতে বৈচিত্ৰময় কৃষিভিত্তিক কাৰ্য্যকলাপৰ সম্ভাৱনীয়তাও বৃদ্ধি পায় যি অৱবাহিকাৰ সমীপবৰ্তী লোকসকলৰ বাবে বহনক্ষম জীৱিকা প্ৰদানৰ বাবে সহায়ক হৈ পৰে।

    অৱবাহিকা উন্নয়ন উপাদান- প্ৰধান মন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনিৰ বৈশিষ্টসমূহ তলত উল্লেখ কৰা হল-

    ১) বহু-বিষয়ক বিশেষজ্ঞক লৈ ৰাজ্যিক পৰ্য্যায়ত উত্সৰ্গিত অনুষ্ঠানৰ প্ৰতিষ্ঠা কৰা- ৰাজ্যিক প্ৰৰ্যায়ৰ মূল অভিকৰণ (এছ.এল.এন.এ), জিলা পৰ্য্যায়- অৱবাহিকা কোষ ও তথ্য কেন্দ্ৰ (ডব্লিউ.চি.ডি.চি.), প্ৰকল্প পৰ্য্যায়- প্ৰকল্প ৰূপায়ন অভিকৰণ (পি.আই.ই.) আৰু গাঁও পৰ্য্যায়- অৱবাহিকা কমিটি (ডব্লিউ.চি.)।

    ২) প্ৰকল্প বাচনি আৰু ইয়াৰ নিৰূপণৰ ক্ষেত্ৰত গোট হিচাপত আগবঢ়া : গঢ় হিচাপত প্ৰকল্পৰ আকাৰ- প্ৰায় ৫,০০০ হেক্টৰ।

    ৩) খৰচ বৰ্দ্ধন নিয়মানুসৰী সমান অঞ্চলৰ বাবে হেক্টৰে প্ৰতি খৰচৰ পৰিমাণ ৬,০০০ টকাৰ পৰা ১২,০০০ টকালৈ বৃদ্ধি আৰু দূৰ্গম/ পাহাৰুৱা অঞ্চলৰ বাবে এই পৰিমান ১৫,০০০ টকালৈ বৃদ্ধি।

    ৪) পূৰ্বৰ আই.ডব্লিও.এম.পি.ত কেন্দ্ৰ আৰু ৰাজ্যৰ পুজি আৱণ্টন বিন্যাস আছিল ৯০:১০। উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰুৱা ৰাজ্যসমূহৰ (জম্মু-কাশ্মিৰ, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড) বাদে সকলো আন আন ৰাজ্যৰ বাবে পি.এম.কে.এছ.ওৱাই. ৰ অৱবাহিকা উন্নয়ন উত্পাদকৰ অধিনষ্ঠ কেন্দ্ৰ-ৰাজ্যৰ পূঁজি প্ৰদান বিন্যাস হৈছে ৬০:৪০। উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰুৱা ৰাজ্যসমূহৰ (জম্মু-কাশ্মিৰ, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড) এই পুঁজি বিণ্যাস হৈছে ৯০:১০। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে এই আঁচনিবোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ পূঁজি প্ৰদান কৰিব। মঞ্জুৰীকৃত পূঁজি আৱণ্টন বিন্যাসৰ বাবে পত্ৰ।

    ৫) পাচটা কিস্তিৰ পৰিৱৰ্তে তিনিটা কিস্তিত (২০ শতাংশ, ৫০ শতাংশ আৰু ৩০ শতাংশ) কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদান।

    ৬) প্ৰকল্পৰ ম্যাদ সন্দৰ্ভত নমনীয়তা, সেইয়া হৈছে চাৰি বছৰৰ পৰা সাত বছৰলৈ।

    ৭) পৰিকল্পনা, নিৰীক্ষণ আৰু মূল্যাংকনৰ বাবে তথ্য আৰু প্ৰযুক্তি, ৰিমট চেন্সিং পদ্ধতি, জি.আই.এছ. আদি সূবিধাসমূহৰ ব্যৱহাৰেৰে প্ৰকল্পৰ বিজ্ঞান সন্মত পৰিকল্পনা কৰা।

    ৮) বিভাগীয় কাৰ্যকাৰীতা প্ৰতিবেদন (ডি.পি.আৰ.) প্ৰস্তুতকৰণৰ বাবে প্ৰকল্প পুঁজিৰ আৱন্টন কৰা (১শতাংশ), প্ৰবেশকৰণ কাৰ্যক্ৰম (৪শতাংশ), ক্ষমতা সৃষ্টিকৰণ (৫শতাংশ), নিৰঈক্ষণ (১শতাংশ) আৰু মূল্যাংকণ (১শতাংশ)।

    ৯) অৱবাহিকা প্ৰকল্পৰ অধিনত প্ৰকল্পৰ পুঁজি নিৰ্ধাৰণ কৰি জীৱিকাৰ নতুন উত্পাদকৰ পৰিচয় ঘটোৱা, অৰ্থাত্ সম্পদবিহীন লোকসকলৰ বাবে প্ৰকল্পৰ ৯শতাংশ পুঁজি জীৱিকা প্ৰদানৰ বাবে আৰু ১০শতাংশ উত্পাদন ব্যৱস্থা আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে।

    ১০) প্ৰকল্প মঞ্জুৰীৰ ক্ষমতা ৰাজ্যসমূহৰ হাতত প্ৰত্যাৰোপন কৰা।