মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

শস্য ৰোপন উন্নয়ন

শস্য ৰোপন উন্নয়ন

১. কৃষি উন্নয়নৰ বাবে অনুপযোগী এঢলীয়া স্থানসমূহৰ লাভজনক ব্যৱহাৰৰ বাবে ইয়াৰ উপযোগী হোৱাকৈ ৰোপন কৰিব পৰা শস্য যেনে চাহ, কফি, ৰবৰ, জালুক, লং, জাইফল, জলকীয়া আৰু তামোলৰ খেতি কৰা।

২. ঝুম খেতি অথবা স্থানান্তৰিত কৃষি প্ৰধান অঞ্চলসমূহত বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে জনজাতীয় অৰ্থনীতিৰ ভেটি পৰিৱৰ্তন কৰি ইয়াৰ বাসিন্দাসকলক ঝুম খেতি অথৱা স্থানান্তৰিত কৃষিৰ পৰা আঁতৰত ৰাখি এই অঞ্চলৰ ভুমিসমূহৰ উপযুক্ত ব্যৱহাৰ কৰা।

৩. ভূমি সংৰক্ষণ বিভাগ বা আনৰ অধীনত থকা কফি, ৰবৰ, জালুক, কাজু, ইলাচী, লং বা জাইফলৰ দৰে শস্যসমূহৰ বিজ্ঞান ভিত্তিক কৃষি কৰা।

৪. উপৰোক্ত শস্যসমূহৰ কৃষিকৰণ অসমৰ উপযুক্ত স্থানসমূহলৈ বিয়পাই নিয়া আৰু লগতে এই কৃষিব্যৱস্থা অৰ্থৈনৈতক আৰু বাণিজ্যিক ভিত্তিত বাহাল ৰখা।

৫. ৰাজ্যখনত সমবায় বা ব্যক্তিগত উত্পাদক অথবা ৰাজহুৱা বা আন আন উত্পাদন গোষ্ঠীৰ দ্বাৰা উত্পাদিত  শস্যসমূহৰ প্ৰক্ৰিয়া, বজাৰ আৰু বেপাৰ কৰা।