ৰাজ্যখনে সন্মুখীন হৈ অহা এক দীৰ্ঘদিনীয়া সমস্যা হৈছে ভূমি স্খলন যি স্থানান্তৰিত কৃষি প্ৰধান অঞ্চলসমূহৰ বাবে বাৰুকৈ সমস্যাজনক। ষষ্ঠ অনুসূচীৰ অধীনষ্ঠ জিলাসমূহৰ জনজাতীয় অঞ্চলসমূহত যত আওপূৰণি কৃষি অৰ্থাত্ স্থানান্তৰিত কৃষি কৰা হয় এনে অঞ্চলসমূহৰ বৰ্ধিত সমস্যাসমুহৰ ওপৰত বিষদভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা দীৰ্ঘদিন ধৰি অনুভৱ কৰি থকা হৈছে। ১৯৫৩ চনত, ৰাজ্য চৰকাৰ আৰু কিছু সংখ্যক জনজাতীয় নেতাৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ বন মহা পৰিদৰ্শক আৰু কৃষি আয়ুক্তই এক প্ৰাথমিক অধ্যয়ন চলাইছিল। বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত স্থানান্তৰিত কৃষি ভূমিৰ ক্ৰমহ্ৰাসমান উৰ্বৰতা সমস্যাবিধৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৫৪ চনত গাৰো পাহাৰত এক বৈমানিক প্ৰকল্পও গ্ৰহন কৰা হৈছিল। বিশেষজ্ঞসকলে আঙুলিয়াই দিয়া মতে এই অঞ্চলসমূহত ভূমিস্খলনৰ প্ৰভাৱতকৈ ভূমিৰ ক্ৰমহ্ৰাসমান উৰ্বৰতাৰ প্ৰভাৱ অধিক আছিল। তাৰোপৰি তেওঁলোকে পুনৰ উল্লেখ কৰিছিল যে কৃষিভূমিৰ বহুমূখী ব্যৱহাৰৰ দ্বাৰাইহে ক্ৰমহ্ৰাসমান উৰ্বৰতাৰ সমস্যাবিধ সমাধান কৰাটো সম্ভব। ভূমিৰ বহুমূখী ব্যৱহাৰৰ পৰামৰ্শ অনুসৰি ভূমি ধোৱাই অনা আৰু নিজৰাৰ সোঁত সংৰক্ষণ কৰিবলৈ পাহাৰৰ ওপৰভাগ আৰু লগতে ওপৰৰ এঢলীয়া ভাগত বনানীকৰণ দৰকাৰী, মাজৰ এঢলীয়া ভাগত উদ্যান শস্যৰ কৃষি কৰাটো উচিত আৰু তলৰ এঢলীয়া ভাগৰ লগতে উপত্যকাৰ তলভাগত মূখ্য স্থায়ী খেতিৰ শস্য ৰোপন কৰাটো বাঞ্চনীয়। ইয়াৰ সমান্তৰালকৈ ঝুমখেতি কৰা ভূমিসমূহৰ পুনৰুদ্ধাৰৰ বাবে ইয়াত মাহজাতীয় শস্য, সমীবৃক্ষ আদিবোৰ বৃদ্ধি কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে। আঠাজাতীয় কাটাযুক্ত গছ মলেছিমা ভাৰ দুৰণৰ পৰিপক্কতাৰ সময় ৮/৯ বছৰ যদিও সময়ৰ আগতেও ইয়াক চপাব পাৰি। মাহজাতীয় উদ্ভিদবিধে ভূমিত নাইট্ৰজেন উপাদান বৃদ্ধি কৰাৰ লগতে ভূমিৰ আদ্ৰতা ধৰি ৰখাতো সহায় কৰে। ধাৰণা কৰা মতে ঝুমখেতি চক্ৰ অনুসৰী যেতিয়া কোনো ভূমি ঝুম খেতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল তেতিয়া এই শমীবৃক্ষবোৰ কাটি পেলোৱা হৈছিল, ইয়াৰ বাকলি আৰু থানিসমূহ জ্বলাই ছাই তৈয়াৰ কৰা হৈছিল। কিন্তু গাৰো পাহাৰৰ তিনিটা কেন্দ্ৰত কৰা শমীবৃক্ষৰ পৰীক্ষণমূলক খেতিৰ পৰা জানিব পৰা গৈছে যে এনে নিম্ন টিলাত এই বৃক্ষবিধৰ বিকাশ সম্ভৱ নহয়। গতিকে এই পৰামৰ্শৱলী ফলপ্ৰসু নাছিল আৰু ইয়াক পৰিহাৰ কৰা হল। আন এক পৰামৰ্শৱলীৰ মতে গাৰো পাহাৰৰ তিনিটা কেন্দ্ৰত উদ্যান শস্য যেনে কাজু, জালুক, ৰবৰ, কফি আদিবোৰৰ খেতি পৰিক্ষামূলক ভাৱে কৰাৰ সিদ্ধান্ত কৰা হল। যিহেতু জনজাতীয় অঞ্চলসমূহ অতি নিম্নমানৰ যোগযোগ ব্যৱস্থাৰে সংলগ্ন আৰু কল, আনাৰছৰ দৰে ক্ষীয়মান অথবা বিনাশশীল উদ্যান শস্যসমূহৰ বজাৰকৰণো অতি কঠিন, নষ্ট হৈ নোযোৱা উদ্যান শস্যসমূহ বাচনি কৰা হল। পৰীক্ষামূলক কৃষিৰ বাবে বাচনি কৰা কেন্দ্ৰ তিনিটাত সন্তোষজনক বিকাশ পৰিলক্ষিত হোৱাৰ বাবেই ই আন আন ষষ্ঠ অনুসুচীৰ অন্তৰ্গত জিলাসমূহতো পৰীক্ষণমূলক আৰু প্ৰদৰ্শনীমূলক কেন্দ্ৰ গঢ়ি তুলাৰ বাবে বনবিভাগৰ অধীনত এটা সুকীয়া বন মণ্ডল গঠনৰ বাবেও উত্সাহি কৰি তুলিলে। সেইয়ে ভিন্ন পৰিস্থিতিৰ আটী, ভূমি আৰু তাপমাত্ৰা, আদ্ৰতা আৰু বৃষ্টিপাতৰ দিশলৈ লক্ষ ৰাখি ঐক্য মিকিৰ-উত্তৰ কাচাৰ পাৰ্বত্য জিলা, খাঁচী আৰু জয়ন্তীয়া পাহাৰ আৰু লগতে মিজো জিলাত কেন্দ্ৰসমূহ মূকলি কৰা হল। ভূমি সংৰক্ষণৰ কাৰ্য্যৰ বাবে এনেদৰেই ১৯৫৮ চনলৈ ক্ৰমান্বয়ে ন ন বন মণ্ডল গঠন কৰা হল, প্ৰধানকৈ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত প্ৰতিখন জিলাতে একোটাকৈ বন মণ্ডল ভূমি সংৰক্ষণৰ বাবে গঠন কৰা হল। ১৯৫৯ চনত এই কাৰ্য্য পৰ্য্যাপ্ত হাৰত বৃদ্ধি কৰা হল আৰু ভূমি সংৰক্ষণৰ বাবে এক সূকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত কৰা হয়। মূখ্য বন সংৰক্ষককো ভূমি সংৰক্ষণ সঞ্চালক হিচাপে অভিহিত কৰা হল। ১৯৬০ চনত ভূমি সংৰক্ষণৰ কাৰ্য্য ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহৰ বাহিৰতো সম্প্ৰসাৰিত কৰা হয় আৰু নামনী অসম ভূমি সংৰক্ষণ মণ্ডলৰো গঠন কৰা হয়। তাৰোপৰি, কিছু প্ৰকাৰৰ অবিণাশী শস্য উত্পাদনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ বাবেই কাজু, কফি আৰু জালুকৰ খেতিৰ বাবে এক ঋণ ও ৰাজ-সাহাৰ্য্য আঁচনিও আৰম্ভ কৰা হয়। এই আঁচনি অনুসৰি জনজাতীয় লোকৰ বাবে ক্ষুদ্ৰ পৰিষৰৰ কৃষি ৰোপন খৰচৰ ৫০ শতাংশ ৰাজ সাহাৰ্য্য হিচাপে প্ৰদান কৰা হৈছিল আৰু বাকী ৫০ শতাংশ সহজ কিষ্টিত পৰিশোধ কৰিবলগীয়া ঋণ হিচাপে প্ৰদান কৰা হৈছিল যি শস্য চপোৱাৰ পাছতহে পৰিশোধ কৰাৰ ব্যৱস্থা আছিল। ঝুম খেতিৰ থিক পাছতেই পৰিত্যক্ত হিচাপত পৰিৰোৱা ভুমিত প্ৰাথমিক পৰ্য্যায়ত কাজুৰ খেতি কৰা হৈছিল যাতে কাজুৰ বাগানে এক স্থায়ী ভূমি আৱৰণ তৈয়াৰ কৰে আৰু একে সময়তে উপাৰ্জনৰো পথ প্ৰদান কৰে। যেতিয়া নিম্ন পৰ্য্যায়ত কাৰিকৰী বিশেষজ্ঞৰ অভাৱ আছিল তেতিয়া প্ৰথম পৰ্য্যায়ত এনে স্থায়ী খেতিৰ ওপৰত চাঁদ তৈয়াৰ কৰি তাৰ ওপৰত জনজাতীয় লোকসকলৰ দ্বাৰা শস্য উত্পাদন কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা নগৈছিল, তথাপিও প্ৰশিক্ষিত মাণ্ডলীক ভূমি সংৰক্ষণ বিষয়াৰ তত্বাৱধানত তেওঁলোকৰ কাৰ্য্যাৱলীসমূহো ৰূপায়ন কৰা হৈছিল যত হেলনসমূহ আছিল মধ্যমপন্থী আৰু লগতে বান্ধ আৰু জলসিঞ্চনৰ ধাৰা তৈয়াৰ কৰি মধ্যাকৰ্ষণ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। তাৰোপৰি ওখ বান্ধ আৰু লঘু জলসিঞ্চন পাম্প ব্যৱহাৰ কৰি চাদত বিকাশ ঘটোৱা ধাননিত পানী যোগান কৰাৰ আৰু কিছু পৰীক্ষণো চলোৱা হৈছিল। জিলা পৰিষদৰ দ্বাৰা স্খলিত ভূমিত বনানিকৰণ কৰা ব্যৱস্থাও পোন-প্ৰথমে ঐক্য খাচি আৰু জয়ন্তীয়া পাহাৰৰ দুটা কেন্দ্ৰত ১৯৫৮-৫৯ চনত কৰা হৈছিল যি পাছলৈ মিজো জিলাসমূহলৈও বুজন হাৰত সম্প্ৰসাৰণ কৰা হৈছিল আৰু বৰ্তমানেও ঐক্য মিকিৰ/উত্তৰ কাচাৰ পাহাৰত এই বনানীকৰণ কৰা হয়। ১৯৬৩ চনৰ জুলাই মাহত, ভাৰতীয় বন সেৱা বিষয়া, শ্ৰীযুত এম.চি. জেকবে অসমৰ ভূমি সৰংক্ষণ বিভাগৰ পূৰ্ণ সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহন কৰে। তেওঁ ৰাজ্যখনত ভূমি সংৰক্ষণ কাৰ্য্যাৱলীৰ অন্তৰ্গত পৰীক্ষণমূলক প্ৰকল্পৰ আৰম্ভনিৰে পৰা বিকাশৰ বিভিন্ন পৰ্য্যায়ত বন সংৰক্ষক আৰু পাছলৈ মূখ্য বন সংৰক্ষক আৰু পৰৱৰ্তী সময়ত বন সংৰক্ষণ সঞ্চালক হিচাপে ইয়াৰ দায়িত্ব লোৱা দিন ধৰি বন বিভাগৰ সৈতে জড়িত থাকে। তেতিয়াৰ পৰাই উক্ত বিভাগটোৱে স্বাধীনভাৱে কাৰ্য্যসমূহ চলাই আছে আৰু ক্ৰমান্বয়ে কেইবাটাও মণ্ডল গঠন কৰে।