মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

কৃত্ৰিম বান

পাৰিপাৰ্শ্বিক পৰিচালন চৰ্চাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান প্ৰতিৰোধ

কামৰ পৰি

ক) স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে আলাপ-আলোচনাৰ জৰিয়তে প্ৰকল্পসমূহৰ সুচল ৰূপায়নৰ বাবে দিশ নিৰ্ণয় কৰা।

খ) অঞ্চলটোৰ অৱবাহিকাৰ পৰিসীমা নিৰ্ণয় কৰা।

গ) অৱবাহিকাৰ সুৰক্ষিত নৰ্দমা ব্যৱস্থাপনাৰ বাবে নৰ্দমা সংৰচনাৰ ৰ্দৈঘ্য, আকাৰ আৰু প্ৰকাৰ নিৰোপন কৰা।

ঘ) ভিন্ন প্ৰকাৰৰ পদ-পথৰ বাবে স্থান আৰু লগতে ইয়াৰ ৰ্দৈঘ্য আৰু সংখ্যা নিৰ্ধাৰণ কৰা।

ঙ) আংগিক পাৰিপাৰ্শ্বিক পৰিচালন চৰ্চাৰ বাবে স্থান নিৰ্ণয়।

চ) জলসঞ্চয় সংৰচনাৰ বাবে স্থান আৰু জলসঞ্চয়ৰ বাবে প্ৰয়োজনীয়তাসমূহৰ নিৰ্ধাৰণ।

ছ) ভূ-স্খলন সমস্যাবিধ দাঙি ধৰা আৰু হেলন স্থায়ীতা বিশ্লেষণৰ বাবে প্ৰয়োজনীয়তাসমূহৰ পৰামৰ্শ প্ৰদান কৰা আৰু লগতে ভূমি স্খলন প্ৰতিৰোধৰ অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা।

জ) বিভিন্ন সংৰচনাৰ বাবে পূৰ্ণ আৰ্হি প্ৰস্তুত কৰা।

ঝ) চৰকাৰৰ নিৰ্ধাৰিত হাৰ অনুসৰি পাৰিপাৰ্শ্বিক পৰিচালন চৰ্চা আৰু বিভিন্ন আন আন সংৰচনাৰ বাবে প্ৰয়োজনীয় খৰচৰ পৰিমান নিৰ্ধাৰণ কৰা।

 

প্ৰকল্প ৰূপায়ন কৌশলঃ

  • প্ৰস্তাৱিত আংগিক পাৰিপাৰ্শ্বিক পৰিচালন চৰ্চাৰ জৰিয়তে সৰু নদীসমূহৰ গৰাখহনীয়া আৰু পানীৰ চিতিকনি প্ৰতিৰোধ কৰা।
  • খহনীয়া প্ৰতিৰোধ ব্যৱস্থা ৰূপায়নৰ জৰিয়তে প্ৰাকৃতিক নলা, খাল অথৱা পদ-পথ সমূহৰ খহনীয়া বন্ধ কৰা 
  • পলস আৱদ্ধতাৰ সৈতে জল-সঞ্চয়ৰ স্থান আৰু নৰ্দমা সংৰচনা সমূহৰ উন্নয়ন সাধন।
  • মূল্যৱান গছ-গছনিৰ বনানীকৰণ আৰু বৃক্ষৰূপণত দুতৰপীয়া চামিয়ানাৰ ব্যৱহাৰ। 
  • ঘৰৰ চৌহদৰ ভিতৰত ফল-মূলৰ গছ, ঔষধি গুণসম্পন্ন গছ আৰু শাক- পাছলি ৰোপন কৰিব লাগে। 
  • মূক্ত স্থানসমূহত শাক-পাছলি ৰোপন কৰাৰ উপৰিও এঢলীয়া স্থানসমূহত অদৰকাৰি খনন নচলাবলৈ স্থানীয় ৰাইজক সচেতন কৰা।